দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে প্রযুক্তি, শৈলী, উদ্যমিতা আৰু বহনক্ষম সমাধান কৌশল ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰত্যাহ্বান HANDLOOM-HACKATHON -2026 আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, ২০২৬ উদযাপনৰ অংশ হিচাপে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
ইয়াত পঞ্জীয়নৰ বাবে ২০ জুলাই পর্যন্ত অনলাইন ব্যৱস্থা মুকলি থাকিব। ছাত্ৰ-ছাত্ৰী, উদ্ভাৱক, ষ্টার্টআপ গোট, গৱেষক, আৰ্হি প্রস্তুত কৰোতা, উদ্যমী আৰু হস্ততাঁত শিল্পীসকলে www.youthideathon.in/handloom ৱেবছাইটত পঞ্জীয়ন কৰি নিজৰ নতুন ধাৰণা থাকিলে দাখিল কৰিব পাৰিব।
এই হেকাথনৰ চূড়ান্ত পৰ্যায় অহা ১ আগষ্টত আই আই টি, দিল্লীত উদ্ভাৱন আৰু প্রযুক্তি পৰিৱৰ্তন সংস্থা অর্থাৎ FITTত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানতে বাছনি কৰা দলসমূহে বিচাৰকৰ সন্মুখত নিজৰ ধাৰণাসমূহ দাখিল কৰিব।
এই পদক্ষেপ সন্দৰ্ভত বস্ত্ৰ মন্ত্ৰ্যালয়ৰ উন্নয়ন আয়ুক্ত ড° এম বিনাই কয়, যে হস্ততাঁত হেকাথনৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলৰ সৃজনীশীল ধাৰণাসমূহ হস্ততাঁত খণ্ডত প্ৰয়োগ কৰাৰ প্ৰয়াস কৰা হৈছে। শিপিনী, আৰ্হি প্ৰস্তুত কৰোতা, উদ্ভাৱক আদিৰ সন্মিলনে হস্ততাঁত খণ্ডৰ বহনক্ষম বিকাশৰ ক্ষেত্ৰত সহায় কৰিব বুলি তেওঁ কয়।