অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধ দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীর্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাবে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্রকাশ কৰে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্রী শ্রীবৰাই প্রধানমন্ত্রী আৱাস যোজনা গ্রামীনৰ অধীনত ৰাজ্যখনত ২০২৫-২৬ বিত্তীয় বর্ষত ৩৪ লাখ ৯৯ হাজাৰ ১৪৪ টা পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি মন্তব্য কৰে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্রধানমন্ত্রী আৱাস যোজনা গ্রামীনৰ গৃহ অনুমোদন দি নির্মাণকার্য শীঘ্ৰে আৰম্ভ কৰা হ’ব।
বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই গুৱাহাটীৰ পশ্চিম বৰাগাওঁত ছহিদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলিও প্রকাশ কৰে।
ইপিনে, জলসম্পদ বিভাগে বৰ্তমানলৈ ৪ হাজাৰ ৮০০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাইয়ে সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্রী শ্রীবৰগোহাইয়ে কয় যে নিৰ্মাণ কৰা ৪ হাজাৰ ৮০০ কিলোমিটাৰ মথাউৰিৰ বৰ্তমানলৈ প্রায় ১৮০০ কিলোমিটাৰ ওখ আৰু সৱলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্রায় ৩ হাজাৰ কিলোমিটাৰ বাকী আছে বুলি তেওঁ মন্তব্য কৰে।