ডিমা হাছাও জিলাত পর্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদ মেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংদাও ফংলাই এই কথা প্রকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পর্যটনক অধিক আকর্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্রদ, ডিমা হাছাও ভিউ পইন্ট, উমৰাংছ’ গল্ফ ক’ৰ্ছ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পর্যটনস্থলীত পৰম্পৰাগত মহোৎসব অনুষ্ঠিত কৰা হ’ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ-পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি, বিভিন্ন জনজাতীয় সম্প্রদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্রদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে।
Assamese | July 8, 2026 7:39 PM | Dima Hasao Mahotsav
চলিত মাহৰ প্ৰতি শুকুৰ-শনিবাৰে ডিমা হাছাও জিলাত বিভিন্ন পর্যটনস্থলীত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত