July 8, 2026 7:39 PM

views 9

চলিত মাহৰ প্ৰতি শুকুৰ-শনিবাৰে ডিমা হাছাও জিলাত বিভিন্ন পর্যটনস্থলীত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত

ডিমা হাছাও জিলাত পর্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদ মেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংদাও ফংলাই এই কথা প্রকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পর্যটনক অধিক আকর্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে।...