ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্রয়োদশ এছিয়ান-ভাৰত বাণিজ্য অর্থাৎ এ আই টি আই জি এ-ৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন

ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্রয়োদশ এছিয়ান-ভাৰত বাণিজ্য অর্থাৎ এ আই টি আই জি এ-ৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকতে এছিয়ান-ভাৰত বাণিজ্য চুক্তিৰ পৰ্যালোচনা কৰা হ’ব। যুটীয়া সমিতিৰ বৈঠক আৰু আনুষংগিক বৈঠকসমূহ পৰহিলৈ সামৰণি পৰিব।

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই যুটীয়া সমিতিয়ে উপ-সমিতিসমূহক নিজ নিজ ক্ষেত্ৰত কাম কৰিবলৈ কৌশলগত নিৰ্দেশনা প্ৰদান কৰাৰ লগতে এ আই টি আই জি এ-ৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহ চূড়ান্ত কৰিব।

মন্ত্ৰালয়ে লগতে জনোৱা মতে এ আই টি আই জি এ-ৰ যুটীয়া সমিতিৰ অধীনৰ ৮ খন উপ-সমিতিৰ ভিতৰত সম্প্ৰতি তিনিখনৰ বৈঠক চলি আছে। ইয়াৰ ভিতৰত শুল্ক পদ্ধতি আৰু বাণিজ্য সুবিধাৰ উপ- সমিতি SC-CPTF, ৰাষ্ট্ৰীয় ব্যৱহাৰ আৰু বজাৰ প্ৰৱেশ উপ-সমিতি SC-NTMA আৰু প্ৰকৃত অধিনিয়ম উপ-সমিতি SC-ROO আছে। বৈঠকসমূহে সহযোগিতা গভীৰ কৰাৰ লগতে পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰা আৰু ভাৰত তথা এছিয়ানৰ মাজত গঠনমূলক আলোচনা আগবঢ়াই নিয়াৰ বাবে কাম কৰিব।

ত্রয়োদশ এ আই টি আই জি এ-ৰ যুটীয়া বৈঠকত কালি বাণিজ্য বিভাগৰ যুটীয়া সচিব নীতিন কুমাৰ যাদৱ আৰু মালয়েছিয়াৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপ-সচিব প্রধান মাছতুৰা আহমেদ মুস্তাফাই সহ-অধ্যক্ষতা কৰে। ব্রুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাউছ, মালয়েছিয়া, ফিলিপাইন্স, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি এছিয়ান দেশসমূহৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্রহণ
কৰে।