AJAY অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ ১৫০টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হয়। আমিনগাঁৱৰ বায়োটেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্রী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

মৰিগাঁও জিলাতো আজি প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন তথা আর্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুঁথিভৰাল প্রেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকর্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। জিলা আয়ুক্ত অনামিকা তিৱাৰীকে ধৰি অন্যান্য বিষয়াসকলে প্রদর্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰী মানৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে।