July 8, 2026 7:36 PM

views 7

AJAY অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ ১৫০টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হয়। আমিনগাঁৱৰ বায়োটেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্রী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্...