মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ

ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম: স্বাৱলম্বনৰ দিশে আমাৰ যাত্রা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কার্যসূচী উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত সাংসদ তাছাই ৰাজ্যৰ অর্থনৈতিক দিশ শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ উদ্যমীসকলৰ ভূমিকাক আলোকপাত কৰে। অহা ৩০ জুলাইলৈ চলিবলগীয়া এই প্রশিক্ষণ কাৰ্যসূচীৰ অধীনত ক্ষুদ্র উদ্যমীসকলক ব্যবসায় বৃদ্ধি আৰু ব্যবস্থাপনা সংক্রান্তীয় কৌশলসমূহৰ বিষয়ে সবিশেষ জ্ঞান প্ৰদান কৰা হ’ব।

কোকৰাঝাৰ জিলাৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্রিক মহাবিদ্যালয়ত অনুষ্ঠিত উদ্যমিতা বিকাশ কার্যসূচীত জিলা আযুক্ত পংকজ চক্রবর্তী, মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক কমল কুমাৰ ব্ৰহ্ম আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক প্ৰধান কিশোৰ গুপ্তা উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে হিতাধিকাৰীসকলক এই প্রশিক্ষণৰ পূৰ্ণ সুযোগ গ্রহণ কৰি উদ্যমিতা সম্পর্কীয় দক্ষতা আহৰণ কৰিবলৈ আৰু স্বনিয়োজনৰ জৰিয়তে বহনক্ষম জীৱন ধাৰণৰ সুযোগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে। শ্রীচক্রবর্তীয়ে অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত উদ্যমিতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰি অংশগ্ৰহণকাৰীসকলক এই প্রশিক্ষণ কাৰ্যসূচীত লাভ কৰা জ্ঞান আৰু দক্ষতা নিজৰ উদ্যোগ স্থাপন আৰু ইয়াৰ সম্প্ৰসাৰণৰ দিশত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।