July 8, 2026 7:46 PM

views 25

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ

ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম: স্বাৱলম্বনৰ দিশে আমাৰ যাত্রা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কার্যসূচী উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত দি...

April 5, 2024 1:49 PM

views 86

কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত প্রার্থী কামাখ্যা প্রসাদ তাছাৰ নির্বাচনী প্ৰচাৰ অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ অভিযান তুংগত উঠিছে। কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত বিজেপি প্রার্থী কামাখ্যা প্রসাদ তাছাৰ সমৰ্থনত বিজেপি-অগপ-সন্মিলিত গণশক্তিৰ কৰ্মকৰ্তাসকলে নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এই প্ৰচাৰ কাৰ্যসূচীক অধিক জনমুখী কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ৭ এপ্ৰিলত বোকাখাটৰ বিহৰাৰ কুঁহিয়াৰবাৰীত এখন নির্বাচনী জনসভা সম্বোধন কৰিব। বোকাখাটত থকা বোকাখাট বিধানসভা সমষ্টিৰ মিত্ৰদলসমূহৰ যুটীয়া নিৰ্বাচনী কাৰ্যালয়ত উপস...