July 12, 2026 9:22 PM

views 7

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সোমবাৰৰ পৰা ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত পুনৰ আৰম্ভ হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সোমবাৰৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্য দান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধার্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ...

July 12, 2026 9:18 PM

views 6

বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীন দয়াল উপাধ্যায় প্রশিক্ষণ অভিযানত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ অংশগ্রহণ

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীন দয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্রহণ কৰে। প্ৰশিক্ষণ শিৱিৰত অংশ লৈ শ্রীশইকীয়াই কয়, যে প্রথম পর্যায়ত মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূর্ণ হৈছে আৰু এতিয়া দ্বিতীয়া পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত আছে। এই প্রশিক্ষণৰ জৰিয়তে কর্মকর্তা...

July 12, 2026 8:53 PM

views 13

কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন কৰে। প্ৰায় ৩০ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্রায় ৫৮০০ বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কা...

July 12, 2026 8:45 PM

views 10

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত ২২৬৬ গৰাকী শিক্ষার্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্রীয় গৱেষণা ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া ড° শিৱকুমাৰ কল্যাণৰামণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠ...

July 12, 2026 8:37 PM

views 8

ইৰাণৰ প্ৰায় ১৪০ টা সামৰিক ঘাটি লক্ষ্য কৰি আমেৰিকাৰ নতুনকৈ আক্রমণ আৰম্ভ

ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্রমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্রমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্রকাশ কৰা মতে দেশখনৰ সেনা বাহিনীয়ে ইৰানৰ প্ৰায় ১৪০ টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন...

July 12, 2026 8:30 PM

views 8

ভিয়েটনামৰ নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ’ চ্ছি মিন চিটীলৈ নিয়া হৈছে

ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ' চ্ছি মিন চিটীলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বার্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্রয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই নশ্বৰ দেহসমূহ অতি শীঘ্রেই দেশলৈ...

July 12, 2026 9:26 PM

views 14

পৰিবেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপনৰ প্ৰয়োজনীয়তাত কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাতো অত্যন্ত প্রয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্র কার্যসূচী আৰু পৰিবেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয় যে, আজি সমগ্র বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃ...

July 12, 2026 8:18 PM

views 5

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব। এই সাতোটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্রায় ৬৬৮ কোটি টকা ব্যয় কৰা হৈছে। মঙলবাৰে ড০ মাণ্ডাভিয়াই তেলেংগানাৰ ছনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসাল...

July 12, 2026 8:16 PM

views 5

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্রদর্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্রদর্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত মন্নম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ মন্নম স্মৃতি মণ্ডপ আৰু সমাজ সংস্কাৰক তথা স্বাধীনতা সংগ্রামী মান্নাথু পদ্মনাভনৰ এটি আবক্ষ মূর্তি মুকলি কৰি ...

July 12, 2026 8:03 PM

views 4

বকোৰ বামুণীগাঁৱত নির্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্রতিপালন কেন্দ্ৰৰ নিৰ্মাণকাৰ্য মন্ত্রী অজন্তা নেওগৰ পৰিদৰ্শন

পর্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্রী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকোৰ বামুণীগাঁৱত নির্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্রতিপালন কেন্দ্ৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। প্রায় ৮৫ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি...