বকোৰ বামুণীগাঁৱত নির্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্রতিপালন কেন্দ্ৰৰ নিৰ্মাণকাৰ্য মন্ত্রী অজন্তা নেওগৰ পৰিদৰ্শন

পর্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্রী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকোৰ বামুণীগাঁৱত নির্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্রতিপালন কেন্দ্ৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে।

প্রায় ৮৫ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নির্দেশ দিয়ে। এই ভ্রমণকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া-কর্মচাৰীসকলৰ সৈতে এখন পর্যালোচনা সভাতো মিলিত হয়।

উল্লেখযোগ্য ৬৫ বিঘা ভূমিত নিৰ্মাণ কৰা এই সংহত কেন্দ্রত শিশু, বয়োজ্যেষ্ঠসকলৰ বাবে সুকীয়া গৃহ থাকিব, য’ত একে সময়তে ৩৪৪ গৰাকী কিশোৰ-কিশোৰী, বিশেষভাবে সক্ষম ল’ৰা-ছোৱালী আৰু বৃদ্ধ আৱাসী থাকিব পাৰিব। তদুপৰি এই কেন্দ্রত বিনোদন কক্ষ, প্রেক্ষাগৃহ, শ্ৰেণীকোঠা, পৰামৰ্শদান কক্ষৰ লগতে এখন চিকিৎসালয়ো থাকিব।