July 12, 2026 8:03 PM
1
বকোৰ বামুণীগাঁৱত নির্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্রতিপালন কেন্দ্ৰৰ নিৰ্মাণকাৰ্য মন্ত্রী অজন্তা নেওগৰ পৰিদৰ্শন
পর্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্রী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকোৰ বামুণীগাঁৱত নির্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্রতিপালন কেন্দ্ৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। প্রায় ৮৫ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নির্দেশ দিয়ে। এই ভ্রমণকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া-কর্মচাৰীসকলৰ সৈতে এখন পর্যালোচনা সভাতো মিলিত হয়। উল্লেখযোগ্য ৬৫ বিঘা ভূমিত নিৰ্মাণ কৰ...