জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সোমবাৰৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত পুনৰ আৰম্ভ হ’ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্য দান কৰিব।
ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধার্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ৰ মজিয়াত শুনানি হ’ব। আনহাতে ফাষ্ট ট্রেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত সন্দিপন গার্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্রহণ কৰা হ’ব।