উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্রদর্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত মন্নম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ মন্নম স্মৃতি মণ্ডপ আৰু সমাজ সংস্কাৰক তথা স্বাধীনতা সংগ্রামী মান্নাথু পদ্মনাভনৰ এটি আবক্ষ মূর্তি মুকলি কৰি শ্ৰীৰাধাকৃষ্ণণে এইদৰে প্ৰকাশ কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক ন্যায়, সমতা, শিক্ষা আৰু সামুহিক সেৱাৰ প্ৰতি আজীবন সমর্পিত মান্নাথু পদ্মনাভনৰ একনিষ্ঠ সেৱাৰ ওপৰত আলোকপাত কৰে। এখন সর্বাত্মক আৰু সৌহার্দ্যপূর্ণ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ দেশৰ নিৰন্তৰ প্ৰচেষ্টাক মান্নাথু পদ্মনাভনৰ আদৰ্শসমূহে এতিয়াও অনুপ্ৰেৰণা যোগাই আছে বুলি শ্ৰীৰাধাকৃষ্ণণে লগতে কয়।
মান্নাথু পদ্মনাভনক আধুনিক ভাৰতৰ অন্যতম শ্রেষ্ঠ সমাজ সংস্কাৰক ৰূপে অভিহিত কৰি শ্ৰীৰাধাকৃষ্ণণে কয় যে যি সময়ত সমাজক সংস্কাৰৰ দৰে ধাৰণা একোটা বহুতৰ বাবে দুর্বোধ্য হৈ আছিলআৰু বহু মানুহে সমাজত কোনো ধৰণৰ সহযোগিতা অবিহনে জীয়াতু ভূগি আছিল, সেই সময়ছোৱাতে মান্নাথু পদ্মনাভনে নিজকে সমাজ সেৱাৰ বাবে উচৰ্গিত কৰিছিল।
নিজৰ সমৰ্পনৰ আদৰ্শৰে পৰিচালিত হৈ শ্রীপদ্মনাভনে দেশৰ স্বাধীনতা আন্দোলনতো আগভাগ লৈছিল বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। সমাজৰ পিছপৰা শ্ৰেণীৰ হকে মাত মাতি তেওঁলোকৰ দুখ-দুর্দশাৰ কথা সমাজৰ বৰমূৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰাত মান্নাথু পদ্মনাভনে গান্ধীজীৰ দৰেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্রকাশ কৰে।