বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীন দয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্রহণ কৰে। প্ৰশিক্ষণ শিৱিৰত অংশ লৈ শ্রীশইকীয়াই কয়, যে প্রথম পর্যায়ত মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূর্ণ হৈছে আৰু এতিয়া দ্বিতীয়া পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত আছে।
এই প্রশিক্ষণৰ জৰিয়তে কর্মকর্তাসকলক আদর্শনিষ্ট আৰু পৰিপক্ক হিচাপে গঢ়ি তুলিবলৈ দলীয় নীতি, আদর্শ আৰু জনকল্যাণমুখী পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰা হয়।