July 12, 2026 8:45 PM | IIT Guwahati

printer

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত ২২৬৬ গৰাকী শিক্ষার্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

অনুষ্ঠানত ৰাষ্ট্রীয় গৱেষণা ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া ড° শিৱকুমাৰ কল্যাণৰামণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদককে ধৰি আন চাৰিগৰাকী কৃতী শিক্ষার্থীক বঁটা প্রদান কৰা হয়।

এই সমাৱৰ্তনৰ পাছত আই আই টি গুৱাহাটীৰ সঞ্চালক ড০ দেবেন্দ্র জলিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষার্থীসকলক সময়োপযোগী শিক্ষাৰে জাগীৰোডত নির্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ’ব পৰাকৈ দক্ষ কৰি তোলা হ’ব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে বিগত ২৭ বছৰত আই আই টি গুৱাহাটীয়ে ২৬ হাজাৰতকৈও অধিক শিক্ষার্থীক বিভিন্ন ডিগ্রী প্রদান কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।