July 12, 2026 8:45 PM

views 19

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান আই আই টি গুৱাহাটীৰ ২৮ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত ২২৬৬ গৰাকী শিক্ষার্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্রীয় গৱেষণা ফাউণ্ডেছনৰ মুখ্য কাৰ্যবাহী বিষয়া ড° শিৱকুমাৰ কল্যাণৰামণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদককে ধৰি আন চাৰিগৰাকী কৃতী শিক্ষার্থীক বঁটা প্রদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত আই আই টি গুৱাহাটীৰ সঞ্চালক ড০ দেবেন্দ্র জলিহালে এখন সংবাদমেলত অনাগত দিনত শি...

January 18, 2026 12:47 PM

views 61

IIT গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্রবাসী অসমীয়া সম্মিলনৰ সামৰণি

IIT গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্রবাসী অসমীয়া সম্মিলনৰ কালি সামৰণি পৰে। এই সন্মিলনত বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা শতাধিক প্রবাসী অসমীয়াই অংশ লয়। কালি সামৰণি উপলক্ষে কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয়। 'উদ্যমশীলতা আৰু দৰ্শন' বিষয়ত অনুষ্ঠিত এটা মনোজ্ঞ আলোচনাত ভোলানাথ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গকে ধৰি শিল্পীসকলৰ সৃষ্টি কর্ম আৰু সামাজিক দায়বদ্ধতা সম্পর্কে আলোচনা কৰা হয়। এই অনুষ্ঠানত IITৰ অধ্যাপক ড° প্ৰবোধ বৰা, তেজপুৰ বিশ্ববিদ্...

October 8, 2025 6:20 PM

views 72

১০ অক্টোবৰৰ পৰা আই আই টি গুৱাহাটীত ৩ দিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন

আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। অভিৱৰ্তনৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এই অভিৱৰ্তনত দেশৰ কমেও ৩৩ খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনুষ্ঠানৰ পাছতেই কৰ্মশালা অনুষ্ঠিত হ'ব। এই কর্মশালাত ৪ শতাধিক গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰ পাঠ কৰিব।

September 12, 2025 8:18 PM

views 71

ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলৰ মানৱ ইনছুলিন উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন

ভাৰতীয় প্ৰযুক্তি প্রতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে ছ্যুড'ম'নাছ ফ্লু'ৰেচেন্স নামৰ নিৰাপদ আৰু কাৰ্যক্ষম বেক্টেৰীয়া ব্যৱস্থা ব্যৱহাৰ কৰি মানৱ ইনছুলিন উৎপাদনৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছে। অধ্যাপক তথা জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন মুৰববী ড০ বীৰাংকি ভেংকটা দাসুৰ নেতৃত্বত গঠিত এটা দলে এই পদ্ধতি উদ্ভাৱন কৰে। এই অগ্রগতিয়ে ইনছুলিনক অধিক সুলভ কৰি তোলাত উল্লেখযোগ্য ভূমিকা ল'ব বুলি ড০ দাসুৱে প্ৰকাশ কৰে। অধ্যাপক ড০ দাসুৱে কয়, যে ইনছুলিন নিৰ্মাণৰ বাবে এটা নতুন এক্সপ্ৰেচন চিষ্টেম সৃষ্টি কৰ...

August 4, 2025 6:46 PM

views 67

আজিৰে পৰা আই আই টি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ৫ দিনীয়া পৰামৰ্শদান শিবিৰ

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পাঁচ-দিনীয়া পৰামৰ্শদান শিবিৰ আজিৰে পৰা আই আই টি গুৱাহাটীত অনুষ্ঠিত হৈছে। উচ্চস্তৰৰ বিজ্ঞান আন্তঃগাঁথনি তথা বিজ্ঞানসন্মত বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ সুযোগ দিয়াৰ বাবে আই আই টি গুৱাহাটীৰ তত্বাৱধানত এই শিবিৰ মুকলি কৰা হৈছে। উন্নত মানৰ বাছনি প্ৰক্ৰিয়াই ৰাজ্যখনৰ বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ৪০গৰাকী শিক্ষাৰ্থীক এইবাৰ উদীয়মান বিজ্ঞান প্ৰতিভাৰূপে বাছনি কৰা হৈছ...

July 24, 2025 6:37 PM

views 70

আই আই টি গুৱাহাটীৰ গৱেষক দলৰ বাম্বুচা টুল্ডা নামৰ বাঁহৰ বিশেষ প্রজাতি ব্যৱহাৰেৰে পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বাম্বুচা টুল্ডা নামৰ বাঁহৰ এটা বিশেষ প্রজাতি ব্যৱহাৰ কৰি পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত কৰিছে। উত্তৰ-পূব ভাৰতৰ আৰ্দ্ৰ আৰু উষ্ণ পৰিৱেশত দ্ৰুতগতিত বৃদ্ধি পোৱা বাঁহৰ প্ৰজাতিটো জৈৱ বিঘ্নিত পলিমাৰৰ সৈতে সংযোগ কৰি এই সংমিশ্রিত পদাৰ্থবিধ তৈয়াৰ কৰা হৈছে। উচ্চ শক্তিসম্পন্ন আৰু তাপৰ স্থিতাযুক্ত এই নতুনকৈ আৱিষ্কৃত পদাৰ্থবিধ কমকৈ আর্দ্রতা শোষণ কৰাৰ লগতে উৎপাদন ব্যয় কম হোৱাৰ কাৰণে সাধাৰণ প্লাষ্টিকৰ বিকল...

January 30, 2025 1:48 PM

views 78

আই আই টি গুৱাহাটী আৰু মীৰাক্লাছ অৰ্থটেকৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

জৈৱ চিকিৎসা অভিযান্ত্ৰিক ব্যৱস্থাপনাক আগুৱাই লৈ যোৱাৰ লগতে চিকিৎসা সঁজুলি খণ্ডৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে আই আই টি গুৱাহাটী আৰু মীৰাক্লাছ অৰ্থটেকৰ মাজৰ কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত উপস্থিত থাকি আই আই টি গুৱাহাটীৰ সঞ্চালক দেবেন্দ্ৰ জলিহালে কয়, যে আই আই টি গুৱাহাটীয়ে সমাজ তথা দেশৰ প্ৰযুক্তিগত উন্নয়নৰ বাবে সদায় কাম কৰি আহিছে।

November 30, 2024 7:10 PM

views 82

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রীৰ আহ্বান

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মহোৎসৱখনক শিকাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি আই এছ আৰ, বিজ্ঞান প্ৰযুক্তি মন্ত্ৰ্যালয় আৰু ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ...

September 6, 2024 8:24 PM

views 84

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ

উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্রযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ হৈ সঞ্চালক প্ৰফেচাৰ দেবেন্দ্ৰ জালিহাল আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ হৈ উপাধ্যক্ষ সূৰয চেত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে অসমত উদ্ভাৱন, উৎকৰ্ষ সাধন আৰু মহাকাশ প্রযু...

September 5, 2024 9:07 PM

views 50

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন

আই আই টি গুৱাহাটী চৌহদত কাইলৈ আই আই টি গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জেলিহালৰ উপস্থিতিত বিয়লি চাৰে ৩ বজাৰ পৰা চুক্তি স্বাক্ষৰ অনুষ্ঠানটি অনুষ্ঠিত হ'ব।