ভিয়েটনামৰ নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ’ চ্ছি মিন চিটীলৈ নিয়া হৈছে

ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ’ চ্ছি মিন চিটীলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বার্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্রয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই নশ্বৰ দেহসমূহ অতি শীঘ্রেই দেশলৈ ওভতাই অনাৰ ব্যৱস্থা কৰা হ’ব।

এই দুর্ঘটনাটোত আঘাতপ্রাপ্ত আন ১৫জন ভাৰতীয় পৰ্যটকক উপযুক্ত চিকিৎসা প্রদানৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় আৰু তেওঁলোকক ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দূতাবাসে জানিবলৈ দিছে। এজন গুৰুতৰভাৱে আঘাতপ্রাপ্ত ভাৰতীয় পর্যটক এতিয়াও ফু ককৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলিও দুতাবাসে লগতে জনায়।

উল্লেখযোগ্য যে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে কালি সংঘটিত এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনছুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কর্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণ সমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল’বলৈ নির্দেশ দিছে।

উল্লেখযোগ্য যে ৪ জন ক্রু সদস্যকে ধৰি মুঠ ৩৬ জন লোকক লৈ যোৱা নাওখন কালি ৰুট নংগোই দ্বীপপুঞ্জৰ ওচৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতে এই মর্মান্তিক দুর্ঘটনা সংঘটিত হয়। মৃত্যু হোৱা ভাৰতীয় পৰ্যটকসকলৰ ভিতৰত ১০ জন তামিলনাডুৰ, ৩ জন অন্ধ্র প্ৰদেশৰ, আৰু ২ জন কেৰালাৰ বুলি জানিব পৰা গৈছে।