July 13, 2026 5:50 PM

views 14

ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ’ব

ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ'ব। দুৰ্ঘটনাটোত মৃত্যু হোৱা ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ভিয়েটনাম এয়াৰলাইন্সৰ VN 979 বিমানখনেৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়া মতে পৰ্যটকসকলৰ মৃতদেহ কঢ়িয়াই আনিবলগীয়া বিমানখন স্থানীয় সময় অনুসৰি আজি সন্ধিয়া ৬ বজাত হু চি মিন চিটীৰ পৰা ৰাওনা হৈ ভাৰতীয় মান সময় অনুসৰি নিশা ৯ বাজি ৩৫ মিনিটত মুম্বাই...

July 12, 2026 8:30 PM

views 28

ভিয়েটনামৰ নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ’ চ্ছি মিন চিটীলৈ নিয়া হৈছে

ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফু কক দ্বীপৰ সমীপত নাও দুর্ঘটনাত মৃত্যু হোৱা ১৫ জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হ' চ্ছি মিন চিটীলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বার্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্রয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই নশ্বৰ দেহসমূহ অতি শীঘ্রেই দেশলৈ ওভতাই অনাৰ ব্যৱস্থা কৰা হ'ব। এই দুর্ঘটনাটোত আঘাতপ্রাপ্ত আন ১৫জন ভাৰতীয় পৰ্যটকক উপযুক্ত চিকিৎসা প্রদানৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় আৰু তেওঁলোকক ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দূতাবাসে জ...

July 11, 2026 8:28 PM

views 19

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকাৱহ দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাহস আৰু শক্তিৰে এই কঠিন সময়ৰ সন্মুখীন হ'বলৈ তেওঁ প্ৰাৰ্থনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনাত নিজৰ আত্মীয়ক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ ক্ষীপ্ৰ আৰোগ্য কামনা কৰে। ভিয়েটনামত থকা ভাৰতীয় ...

July 11, 2026 8:27 PM

views 28

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু

ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়। ২১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত ৩২ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪ জন চালক আছিল। হ’ন মে ৰুট নাগই দ্বীপৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত নাওখন লুটি খাই যোৱাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। হু চি মিন মহানগৰত ঘটনা সম্পর্কে তথ্য আৰু ভুক্তভোগী লোকৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ বাবে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। মন্ত...