ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

এটা বাৰ্তাত উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকাৱহ দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাহস আৰু শক্তিৰে এই কঠিন সময়ৰ সন্মুখীন হ’বলৈ তেওঁ প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনাত নিজৰ আত্মীয়ক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ ক্ষীপ্ৰ আৰোগ্য কামনা কৰে।

ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে দেশখনৰ প্ৰশাসনৰ সৈতে একেলগে ভুক্তভোগী সকলক সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠভাৱে কাম কৰি আছে বুলি প্রধানমন্ত্রীয়ে লগতে প্ৰকাশ কৰে।