ভিয়েটনামৰ ফু-কুৱ’ক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়।
২১ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত ৩২ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪ জন চালক আছিল।
হ’ন মে ৰুট নাগই দ্বীপৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত নাওখন লুটি খাই যোৱাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। হু চি মিন মহানগৰত ঘটনা সম্পর্কে তথ্য আৰু ভুক্তভোগী লোকৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ বাবে এটা নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হৈছে। মন্ত্ৰালয়ে প্রকাশ কৰা হেল্পলাইন নম্বৰকেইটা হৈছে +84-362817930, +84-915523714 আৰু +84-334520414