ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ’ব

ভিয়েটনামৰ ফু-ক’ক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় পৰ্যটকসকলৰ মৃতদেহ আজি হু চি মিন চিটীৰ পৰা স্বদেশলৈ ওভতাই অনা হ’ব। দুৰ্ঘটনাটোত মৃত্যু হোৱা ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ভিয়েটনাম এয়াৰলাইন্সৰ VN 979 বিমানখনেৰে ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়া মতে পৰ্যটকসকলৰ মৃতদেহ কঢ়িয়াই আনিবলগীয়া বিমানখন স্থানীয় সময় অনুসৰি আজি সন্ধিয়া ৬ বজাত হু চি মিন চিটীৰ পৰা ৰাওনা হৈ ভাৰতীয় মান সময় অনুসৰি নিশা ৯ বাজি ৩৫ মিনিটত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব।

দূতাবাসে লগতে জানিবলৈ দিয়া মতে ভুক্তভোগী পৰিয়ালসমূহে নিজ নিজ আত্মীয়ৰ মৃতদেহ কঢ়িয়াই নিব পৰাটো সুচল কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক ইতিমধ্যে অনুৰোধ জনোৱা হৈছে।

ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ, শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্র দেশতে ৰাষ্ট্ৰীয় পতাকা নিয়মীয়াকৈ উৰুৱাই থকা সকলো ভৱনত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰা ৰখা হ’ব। আজিৰ দিনটোত কোনোধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰা নহ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।