কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাতো অত্যন্ত প্রয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্র কার্যসূচী আৰু পৰিবেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয় যে, আজি সমগ্র বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চিন্তিত।
তেওঁ উল্লেখ কৰে যে ১৮৮০ চনৰ পৰা সাগৰৰ উষ্ণতা বৃদ্ধি আৰু গলি যোৱা হিমবাহৰ ফলত বিশ্বৰ সাগৰৰ জলপৃষ্ঠ প্রায় ২০ৰ পৰা ২৩ চেন্টিমিটাৰ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ১৯০০ চনৰ তুলনাত পৃথিৱীৰ গড় উষ্ণতা প্রায় ১.৫ ডিগ্রী ছেলছিয়াছ বৃদ্ধি পাইছে, যিটো জলবায়ু পৰিৱৰ্তনৰ এটা গুৰুতৰ সাৱধান বাণী।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটৰ মোকাবিলা কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। তেওঁ কয় যে দেশত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে।
মন্ত্ৰীগৰাকীয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে “এক পেড় মা কে নাম” অভিযান আৰু Mission LIFE ৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। শ্রীচৌহানে কয় যে ভাৰতে ২০৭০ চনৰ ভিতৰত সম্পূৰ্ণ শূন্য কার্বন নির্গমন হোৱাৰ বাবে লক্ষ্য নির্ধাৰণ কৰিছে।