September 29, 2026 12:19 PM

views 21

সহযোগিতা তথা উন্নত ফলাফল আধাৰিত কৌশলেৰে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ আহ্বান মন্ত্রী শিৱৰাজ সিং চৌহানৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৃষি উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা তথা উন্নত ফলাফল আধাৰিত কৌশলেৰে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ আহ্বান জনাইছে। উপযুক্ত পৰিকল্পনা, বৈজ্ঞানিকভাৱে কৰা মূল্যায়ণ আৰু ক্ষেত্র ভিত্তিক নিৰীক্ষণৰ যোগেদি ৰবি শস্যৰ বতৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য নির্ধাৰণ কৰিবলৈ তেওঁ আহ্বান জনায়। নতুন দিল্লীত চলিত বৰ্ষৰ ৰবি শস্য অভিযান বিষয়ক এখন দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত দি তেওঁ এইদৰে কয়। জলবায়ু পৰিৱৰ্তনৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজত খাদ্য সুৰক্ষা আৰু কৃ...

July 16, 2026 8:16 PM

views 20

ভাৰতে ৩৭.৬ কোটি টন খাদ্য শস্য, ৩৭.৭ কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে : মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানৰ মাজতো ভাৰতে ৩৭.৬ কোটি টন খাদ্য শস্য আৰু ৩৭.৭ কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে। নতুন দিল্লীত এখন সংবাদ মেলত ভাষণ দি শ্রীচৌহানে কয়, যে বিজ্ঞানীসকলে এতিয়া খেতি পথাৰলৈ গৈ গৱেষণাৰ কাম কৰিছে। খেতি পথাৰ বচোৱা অভিযানৰ অধীনত এহেজাৰ ৬৫৭ টা বিজ্ঞানীৰ দলে প্রায় ৭২৮ খন জিলা, বিশেষকৈ এল নিনোৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি প্রায় ১ কোটি কৃষকৰ সৈতে জড়িত হৈছে।

July 12, 2026 9:26 PM

views 71

পৰিবেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপনৰ প্ৰয়োজনীয়তাত কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানৰ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাতো অত্যন্ত প্রয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্র কার্যসূচী আৰু পৰিবেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয় যে, আজি সমগ্র বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চিন্তিত। তেওঁ উল্লেখ কৰে যে ১৮৮০ চনৰ পৰা সাগৰৰ উষ্ণতা বৃদ্ধি আৰু গলি যোৱা হিমবাহৰ ফলত বিশ্বৰ সাগৰৰ জলপৃষ্ঠ প্রায় ২০ৰ পৰা ২৩ চেন্টিমিটাৰ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ১৯০০ চনৰ তুলনাত পৃথিৱীৰ...

July 8, 2026 8:11 PM

views 18

বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা ২৬২ৰ পৰা ১৭৮ লৈ হ্রাস পাইছে : মন্ত্রী শিৱৰাজ সিং চৌহান

দেশৰ বিভিন্ন অংশত যোৱা কিছুদিনত ভাল বৰষুণ হৈছে আৰু ইয়াৰ ফলত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা ২৬২ৰ পৰা ১৭৮ লৈ হ্রাস পোৱা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এল নিনোৰ সম্ভাব্য প্রভাব সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে জুনত স্বাভাৱিকতকৈ ৩৩ শতাংশ কম বৰষুণ হোৱাৰ কথা পোহৰলৈ আহিছিল যদিও জুলাইত বৰষুণ ঘাটিৰ পৰিমাণ ২৪ শতাংশলৈ হ্রাস পাইছে। শ্রীচৌহানে কয়, যে কেন্দ্রীয় চৰকাৰে মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ...

January 4, 2026 7:52 PM

views 228

২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰে বিকশাই তোলা ২৫ বিধ শস্যৰ ১৮৪ টা নতুন জাত মুকলি কৰি শ্রীচৌহানে কয় যে ধানৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চীনক পাছ পেলাইছে। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ ভিতৰতে ধান ৰপ্তানিৰ ক্ষেত্ৰত অগ্ৰণী দেশ হিচাপে পৰিগণিত হৈছে। শ্রীচৌহানে কয় যে যোৱা দহ বছৰত বীজৰ ৩২০০তকৈ অধিক নতুন জাত বিকশাই তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন আঁচনিসমূহৰ সুফল তিনিবছৰৰ ভিতৰত ...

September 25, 2025 9:56 PM

views 70

ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিঙৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিঙে আজি নতুন দিল্লীৰ পৰা ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন ভার্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী শ্ৰী সিঙে কয়, যে ৫২ কোটি টকা ব্যয় সাপেক্ষ এই প্রকল্পই ছিকিমৰ শিক্ষাৰ্থী, খেতিয়ক আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলক এটা নতুন গতি দিব। তেওঁ লগতে কয়, যে শিক্ষাৰ্থীসকলে কেৱল শস্য উৎপাদনৰ কৌশলেই নহয়, ইয়াৰ প্ৰচেছিং, পেকেজিং, বজাৰ আৰু ৰপ্তানি সন্দৰ্ভতো গভীৰ জ্ঞান লাখ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,...

September 20, 2025 12:45 PM

views 68

বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি বান প্রভাৱিত জম্মুৰ আৰ এছ পুৰা সীমান্ত অঞ্চল পৰিদৰ্শন কৰে। বানে ক্ষতি কৰা কৃষকক সাহায্য আগবঢ়াবলৈও কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক আশ্বাস দিয়ে। কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বালিয়ে পুতি পেলোৱা শস্যভূমি পৰিদৰ্শন কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ এটা দলে ক্ষয়-ক্ষতিৰ হিচাপ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰে। প্ৰতিবেদন দাখিলৰ পাছতে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ ব...

August 15, 2025 8:13 PM

views 75

দেশৰ কৃষকসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এটা মত-বিনিময়

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ভাৰতে কৃষকসকলৰ স্বাৰ্থত আঘাত হানিব পৰা কোনো বিষয়ক লৈ আন দেশৰ সৈতে কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰে। নতুন দিল্লীত আজি দেশৰ কৃষকসকলৰ সৈতে হোৱা এটা মত-বিনিময়ত শ্রীচৌহানে কয় যে এনে চুক্তিয়ে দুয়োপক্ষক সমানেই লাভান্বিত কৰিব লাগিব। তেওঁ কয় যে কৃষকসকলৰ কল্যাণ আৰু ৰাষ্ট্ৰ কল্যাণ কেন্দ্ৰীয় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়।

July 17, 2025 9:30 PM

views 71

কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্রধানমন্ত্ৰীৰ কৃষি ধনধান্য যোজনাৰ অধীনত কৃষি উৎপাদন বৃদ্ধিত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। বিহাৰৰ সমষ্টিপুৰৰ পুছাত আজি ড০ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। শ্রী চৌহানে কয়, যে এই আঁচনিৰ অধীনত কৃষি উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে ১০০ খন চহৰ বাচনি কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্রীসভাই কালি এই প্ৰস্তাৱত অনুমোদন দিছে। মন্ত্ৰীগৰাকীয়ে বি...

June 20, 2025 9:36 PM

views 71

হাজাৰ বছৰ ধৰি ভাৰতৰ মাটিত সমবায়ৰ ধাৰণা অব্যাহত আছেঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৈছে যে হাজাৰ বছৰ ধৰি ভাৰতৰ মাটিত সমবায়ৰ ধাৰণা অব্যাহত আছে। তেওঁ কয় যে ভাৰতৰ ধমনীৰ মাজেৰে সকলোৰে বাবে জনকল্যাণমূলক কাম অব্যাহত আছে আৰু এই ক্ষেত্ৰত সমবায়ৰ এটা বিশেষ গুৰুত্ব আছে। মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বর্ষ হিচাপে আয়োজিত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীচৌহানে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ভালেমান আঁচনিৰ কথা উল্লেখ কৰি ইয়াৰ ফলত কৃষিৰ আয় বৃদ্ধি, কৃষিৰ লগত জড়িত উদ্যোগসমূহৰ জৰিয়তে কৃষকৰ সমৃদ্ধি আৰু বহনক্ষম কৃষি পদ্ধ...