February 4, 2025 6:35 PM

views 87

বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ : কেন্দ্ৰীয় কৃষি মন্ত্রী

কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ। লোকসভাৰ প্ৰশ্নকালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে সামগ্ৰীৰ উৎপাদন ব্যয়ৰ তুলনাত ৫০ শতাংশ লাভ হোৱাকৈ চৰকাৰে ২০১৯ চনৰ পৰা ন্যূনতম সমৰ্থন মূল্য নির্ধাৰণ কৰি আহিছে। ভাৰতত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক নাৰিকল উৎপাদন হোৱাটো অতি গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি শ্ৰী চৌহানে কয়, যে নাৰিকল উৎপাদনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে, ৰাজ্...

February 1, 2025 7:53 PM

views 69

২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰতিক্ৰিয়া

কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০২৫-২৬ বৰ্ষৰ বাজেট ঘোষণা কৰা কপাহ উৎপাদনশীলতা অভিযানে কপাহৰ উৎপাদনে নহয় কপাহৰ মানো বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰী চৌহানে কয়, যে উচ্চ মানৰ কপাহ উৎপাদনৰ বাবে আঁহৰ প্ৰসংস্কৰণ আৰু দীর্ঘস্থায়ী প্রাকৃতিক আঁহ উৎপাদনক উদগনি যোগোৱাৰ বাবে আন্তঃগাঁঠনি সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ'ব। তেওঁ লগতে জানিবলৈ দিয়ে যে, বিহাৰত মাখানা বোর্ড গঠনে মাখানা প্ৰসংস্কৰণৰ দৰে বিভিন্ন কাম কাজ কৰাত সহায়ক হ'ব।

January 4, 2025 7:12 PM

views 73

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পর্যালোচনা বৈঠক

দেশৰ উৎপাদনকাৰী আৰু উপভোক্তা ৰাজ্যসমূহত দেখা দিয়া সামগ্ৰীৰ মূল্যৰ ব্যৱধান দূৰ কৰিবলৈ যাতায়াত আৰু মজুতকৰণৰ ব্যয় চৰকাৰে বহন কৰিব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃষি মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কৃষি খণ্ড আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বিকাশৰ হাৰ ৩ দশমিক ৫ শতাংশৰ পৰা ৪ শতাংশৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ অধীনত প্ৰায় ৩ লাখ ৪৬ হাজা...

December 10, 2024 8:57 PM

views 70

ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় চৰকাৰে শস্য, বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে ২,৮১৭ কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্রীসভাই ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয়, যে মোদী চৰকাৰৰ তৃতীয় কাৰ্য্যকালৰ ১০০ দিনৰ ভিতৰত খেতিয়কসকলৰ বাবে ভালেমান উল্লেখনীয় পদক্ষেপ ল...

June 16, 2024 7:19 PM

views 68

৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০০০০ কোটি টকা হস্তান্তৰ কৰা হ’ব : মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় গ্রামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনি লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, যোৱা ১০ বছৰত ১১ কোটি কৃষকৰ একাউণ্টলৈ ৩ লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে প্রধানমন্ত্ৰীৰ মঙলবাৰৰ অ...

June 16, 2024 1:42 PM

views 77

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনিলাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিবঃ মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় গ্রামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনিলাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, যোৱা ১০ বছৰত ১১ কোটি কৃষকৰ একাউণ্টলৈ ৩ লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে প্রধানমন্ত্ৰীৰ মঙলবাৰৰ অন...