কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ। লোকসভাৰ প্ৰশ্নকালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে সামগ্ৰীৰ উৎপাদন ব্যয়ৰ তুলনাত ৫০ শতাংশ লাভ হোৱাকৈ চৰকাৰে ২০১৯ চনৰ পৰা ন্যূনতম সমৰ্থন মূল্য নির্ধাৰণ কৰি আহিছে। ভাৰতত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক নাৰিকল উৎপাদন হোৱাটো অতি গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি শ্ৰী চৌহানে কয়, যে নাৰিকল উৎপাদনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে, ৰাজ্যসভাত আজি মহাকুম্ভৰ দুৰ্ঘটনা সন্দৰ্ভত আলোচনাৰ দাবি জনাই বিৰোধীপক্ষৰ কেইবাগৰাকী সদস্যই আগবঢ়োৱা সদন স্থগিতকৰণৰ প্ৰস্তাৱ উপসভাপতি হৰিবংশে খাৰিজ কৰে।
Assamese | February 4, 2025 6:35 PM | Shivraj Singh Chouhan
বিজেপি চৰকাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বদ্ধপৰিকৰ : কেন্দ্ৰীয় কৃষি মন্ত্রী