কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০২৫-২৬ বৰ্ষৰ বাজেট ঘোষণা কৰা কপাহ উৎপাদনশীলতা অভিযানে কপাহৰ উৎপাদনে নহয় কপাহৰ মানো বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্ৰী চৌহানে কয়, যে উচ্চ মানৰ কপাহ উৎপাদনৰ বাবে আঁহৰ প্ৰসংস্কৰণ আৰু দীর্ঘস্থায়ী প্রাকৃতিক আঁহ উৎপাদনক উদগনি যোগোৱাৰ বাবে আন্তঃগাঁঠনি সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ’ব। তেওঁ লগতে জানিবলৈ দিয়ে যে, বিহাৰত মাখানা বোর্ড গঠনে মাখানা প্ৰসংস্কৰণৰ দৰে বিভিন্ন কাম কাজ কৰাত সহায়ক হ’ব।
Assamese | February 1, 2025 7:53 PM | Shivraj Singh Chouhan
২০২৫-২৬ বৰ্ষৰ বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰতিক্ৰিয়া