September 29, 2026 12:19 PM | Shivraj Singh Chouhan

printer

সহযোগিতা তথা উন্নত ফলাফল আধাৰিত কৌশলেৰে কৃষকৰ উপাৰ্জন বৃদ্ধিৰ আহ্বান মন্ত্রী শিৱৰাজ সিং চৌহানৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কৃষি উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা তথা উন্নত ফলাফল আধাৰিত কৌশলেৰে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ আহ্বান জনাইছে। উপযুক্ত পৰিকল্পনা, বৈজ্ঞানিকভাৱে কৰা মূল্যায়ণ আৰু ক্ষেত্র ভিত্তিক নিৰীক্ষণৰ যোগেদি ৰবি শস্যৰ বতৰত উৎপাদন বৃদ্ধিৰ লক্ষ্য নির্ধাৰণ কৰিবলৈ তেওঁ আহ্বান জনায়। নতুন দিল্লীত চলিত বৰ্ষৰ ৰবি শস্য অভিযান বিষয়ক এখন দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত দি তেওঁ এইদৰে কয়। জলবায়ু পৰিৱৰ্তনৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজত খাদ্য সুৰক্ষা আৰু কৃষিৰ জৰিয়তে উপার্জন বৃদ্ধি কৰিবলৈ হ’লে তথ্য ভিত্তিক পৰিকল্পনা আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ শক্তিশালী সহযোগিতাৰ অধিক প্রয়োজন বুলিও তেওঁ মতপ্রকাশ কৰে।

সমাগত ৰবি শস্যৰ বতৰৰ বাবে প্ৰস্তুতি আৰু অগ্ৰাধিকাৰৰ মূল বিষয়সমূহ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে কৃষি আৰু কৃষক কল্যাণ বিভাগে দুদিনীয়াকৈ এই সম্মিলনৰ আয়োজন কৰিছে। কৃষি মন্ত্রালয়ে এখন বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি দুদিনীয়া এই সন্মিলনখনত কৃষি উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। শেহতীয়াকৈ অনুষ্ঠিত কৃষি বিষয়ক মাণ্ডলিক সম্মিলনৰ মূল বিষয় আৰু ফলাফল সন্দৰ্ভতো আলোচনাৰ আয়োজন কৰা হ’ব। সম্মিলনৰ প্ৰথম দিনা কালি আত্মনিৰ্ভবতা, বৈচিত্র্যতা আৰু উৎপাদন বৃদ্ধি, জলবায়ু স্থিতিস্থাপক কৃষি, ডিজিটেল কৃষি পদ্ধতি, আন্তঃগাঁথনি আদি বিভিন্ন বিষয় সামৰি আলোচনা অনুষ্ঠিত হয়। এই সম্মিলনে ৰাজ্যৰ কৃষিমন্ত্রীসকলক তেওঁলোকৰ অভিজ্ঞতা আৰু মতামতৰ লগতে নিজ নিজ ৰাজ্যৰ অগ্ৰাধিকাৰ আৰু কৃষি উন্নয়নৰ বাবে দিহা-পৰামৰ্শ তথা ৰবি শস্যৰ বতৰৰ প্ৰস্তুতি সন্দৰ্ভত মত বিনিময়ৰ সুবিধা প্রদান কৰিছে।