কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিঙে আজি নতুন দিল্লীৰ পৰা ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন ভার্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী শ্ৰী সিঙে কয়, যে ৫২ কোটি টকা ব্যয় সাপেক্ষ এই প্রকল্পই ছিকিমৰ শিক্ষাৰ্থী, খেতিয়ক আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলক এটা নতুন গতি দিব। তেওঁ লগতে কয়, যে শিক্ষাৰ্থীসকলে কেৱল শস্য উৎপাদনৰ কৌশলেই নহয়, ইয়াৰ প্ৰচেছিং, পেকেজিং, বজাৰ আৰু ৰপ্তানি সন্দৰ্ভতো গভীৰ জ্ঞান লাখ কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সেউজ অৰ্থনীতিৰ ক্ষেত্ৰত এই চৌহদটো ৰাজ্যখনৰ এক আদর্শ আৰ্হি হিচাপে গঢ়ি তোলা হ’ব।
Assamese | September 25, 2025 9:56 PM | Akashvani News | Shivraj Singh Chouhan
ছিকিম উদ্যান শস্য মহাবিদ্যালয়ৰ নতুন প্রশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিঙৰ