দেশৰ বিভিন্ন অংশত যোৱা কিছুদিনত ভাল বৰষুণ হৈছে আৰু ইয়াৰ ফলত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা ২৬২ৰ পৰা ১৭৮ লৈ হ্রাস পোৱা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এল নিনোৰ সম্ভাব্য প্রভাব সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে জুনত স্বাভাৱিকতকৈ ৩৩ শতাংশ কম বৰষুণ হোৱাৰ কথা পোহৰলৈ আহিছিল যদিও জুলাইত বৰষুণ ঘাটিৰ পৰিমাণ ২৪ শতাংশলৈ হ্রাস পাইছে।
শ্রীচৌহানে কয়, যে কেন্দ্রীয় চৰকাৰে মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান, কর্ণাটক, বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, অন্ধ্রপ্রদেশ, পাঞ্জাব, পশ্চিমবংগ আৰু ওড়িশাৰ পৰিস্থিতি সূক্ষ্মভাবে নিৰীক্ষণ কৰি আহিছে। জুলাইত আৰু বৰষুণ হ’ব বুলি আস্থা প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত খাৰিফ শস্যৰ ৰোপনৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ’ব। তেওঁ কয়, যে বর্তমানলৈকে প্রায় ৩৫০ লাখ হেক্টৰ এলেকাত খাৰিফ শস্য ৰোপণ কৰা হৈছে আৰু এই পৰিমাণ যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত প্রায় ৯১ লাখ হেক্টৰ কম। শ্রীচৌহানে কয়, যে খেতিয়কসকলক বৰষুণ অহাত হোৱা বিলম্বৰ ফলত পৰিব পৰা বিৰূপ প্ৰভাৱ কম কৰাৰ উদ্দেশ্যে গোমধান, বাজৰা আৰু মগুৰ দৰে কম পানীৰ আৱশ্যক হোৱা আৰু কম দিনতে চপাব পৰা শস্যৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।