July 15, 2026 1:09 PM

views 12

গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত

গুৱাহাটীৰ খানাপাৰাত থকা গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত কালি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্রতিষ্ঠানখনে ৰাজ্যজুৰি ৰূপায়ণ কৰি থকা আন্তঃগাঁথনিমূলক প্রকল্প, দক্ষতা বিকাশমূলক প্রশিক্ষণ, পুঁজিৰ স্বচ্ছ আৰু ফলপ্ৰসূ ব্যৱহাৰ, প্ৰতিষ্ঠানখনৰ নিজা ৰাজহ সৃষ্ট...

July 15, 2026 1:06 PM

views 7

টেনজিং ইংতিৰ বিয়োগত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ শোক প্রকাশ

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই অসম চৰকাৰ বিক্ৰী কৰ বিভাগৰ অৱসৰী যুটীয়া আয়ুক্ত তথা কার্বি আংলং জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত সচিব টেনজিং ইংতিৰ বিয়োগত শোক প্রকাশ কৰিছে। তেওঁৰ সন্মানার্থে পৰিষদে এখন জাননীযোগে আজি ডিফুত থকা পৰিষদৰ সচিবালয় আজি বন্ধ ৰখা হ'ব বুলি ঘোষণা কৰিছে।

July 15, 2026 1:04 PM

views 10

বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

অসমীয়া আৰু নেপালী ভাষাত সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি ৰাজ্যত সম্প্ৰীতিৰ ভেটি শক্তিশালী কৰাৰ লগতে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিক উপাধ্যায়ে অসমীয়া আৰু নেপালী ভাষাত কেইবাখন...

July 15, 2026 1:01 PM

views 10

সদনত আজি গুৱাহাটী মহানগৰীক পাপ’ল চিটী হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হৈছে

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি অষ্টম দিনাৰ কাৰ্যক্ৰমণিকা পুৱা চাৰে ৯ বজাত প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত গুৱাহাটী মহানগৰীক পাপ’ল চিটী হিচাপে গঢ় দিয়াক লৈ আজি আলোচনা অনুষ্ঠিত হৈছে। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই বিষয়টো উত্থাপন কৰে। ইপিনে, বাজেট সন্দৰ্ভতো আজি সদনত শাসক-বিৰোধী উভয় পক্ষৰ বি...

July 15, 2026 12:51 PM

views 10

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ইংলেণ্ডক ৬ উইকেটত পৰাস্ত

ভাৰতে যোৱানিশা বার্মিংহামৰ এজ্জবাষ্টনত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ঘৰুৱা দলটোৱে ৪৮ সংখ্যক অভাৰত ২৫৮ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ইংলেণ্ডৰ জ' ৰুটে সৰ্বাধিক ৭৬ ৰান সংগ্ৰহ কৰি আউট নোহোৱাকৈ থকাৰ বিপৰীতে লিয...

July 15, 2026 12:49 PM

views 2

আজিৰে পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন

ভাৰতে আজিৰ পৰা হায়দৰাবাদত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। সুস্থিৰতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ হকে নির্মাণ বিষয়ক অধ্যক্ষতাৰ মূল বিষয় হিচাপে লৈ ভাৰতে এই দুদিনীয়া বৈঠকত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ শ্ৰম আৰু নিয়োগ মন্ত্রী তথা উচ্চপদস্থ বি...

July 15, 2026 12:48 PM

views 8

স্পেইন ভ্রমণ সামৰি কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত পীয়ুষ গোৱেল

স্পেইন ভ্রমণ সামৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত হয়। ভাৰত-ইউৰোপীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধিৰ দলো গৈছে আৰু এই দলটোৱে বাণিজ্য, বিনিয়োগ, প্রযুক্তি, উদ...

July 15, 2026 12:36 PM

views 18

আজিৰে পৰা ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি বলবৎ

ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা বলবৎ হৈছে। একে সময়তে ডাবল কনট্রিবিউচন কনভেনচন হিচাপে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিখনো কাৰ্যকৰী হৈছে। বৃটেইনত ভাৰতীয় পেছাদাৰীসকলৰ গতিশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। এই ঐতিহাসিক...

July 15, 2026 12:20 PM

views 16

স্পেইন বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

স্পেইনে চলিত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱানিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্রান্সক ২-০ গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ ২২ মিনিটত প্ৰথমটো আৰু পেড্ৰ' প'ৰ'ৱে ৫৮ মিনিটত দ্বিতীয়টো...

July 15, 2026 12:09 PM

views 22

শেহতীয়া বানত ৰাজ্যৰ ছখন জিলাৰ ৩৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। সাম্প্রতিক বানত ৬ খন জিলাৰ ৩৭ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি সম্প্ৰতি ১২টা ৰাজহ চক্ৰৰ ৯৯ খন গাঁৱৰ ৩৭ হাজাৰ ৩২ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কালি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত এজন...