July 15, 2026 1:06 PM | Death

printer

টেনজিং ইংতিৰ বিয়োগত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ শোক প্রকাশ

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষই অসম চৰকাৰ বিক্ৰী কৰ বিভাগৰ অৱসৰী যুটীয়া আয়ুক্ত তথা কার্বি আংলং জিলা পৰিষদৰ প্ৰাক্তন অতিৰিক্ত সচিব টেনজিং ইংতিৰ বিয়োগত শোক প্রকাশ কৰিছে। তেওঁৰ সন্মানার্থে পৰিষদে এখন জাননীযোগে আজি ডিফুত থকা পৰিষদৰ সচিবালয় আজি বন্ধ ৰখা হ’ব বুলি ঘোষণা কৰিছে।