স্পেইন ভ্রমণ সামৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত হয়। ভাৰত-ইউৰোপীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধিৰ দলো গৈছে আৰু এই দলটোৱে বাণিজ্য, বিনিয়োগ, প্রযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। শ্রীগোৱেলে বেলজিয়ামৰ উপ-প্রধানমন্ত্রী তথা কৃষি অর্থনীতি আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী ডেভিদ ক্লেৰিনভেলক সাক্ষাৎ কৰি ভাৰত-বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত- ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ ৰূপান্তৰমুখী সম্ভাৱনা সন্দৰ্ভত মত বিনিময় কৰে আৰু ব্যৱসায়িক উন্নয়ন তথা দুয়ো দেশৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে পাৰস্পৰিক অর্থনৈতিক সম্পর্ক অধিক শক্তিশালী কৰাৰ ওপৰত উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীগোৱেলে লগতে জলবায়ু, শূন্য কাৰ্বন নিগমন আৰু স্বচ্ছ বিকাশ দপ্তৰৰ ইউৰোপীয় কমিছনাৰ ওপকে হোকষ্ট্রাক সাক্ষাৎ কৰি জলবায়ু সম্পৰ্কীয় কাৰ্যসূচী, বহনক্ষম ঔদ্যোগিক বিকাশ আৰু স্বচ্ছ উন্নয়নৰ ক্ষেত্ৰত ভাৰত-ইউৰোপীয় সহযোগিতাৰ দিশসমূহ সন্দৰ্ভত মত বিনিময় কৰে। দুয়োগৰাকী নেতাই নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ’জেন, স্বচ্ছ প্রযুক্তি, উদ্ভাৱন বিনিয়োগ আৰু স্থিতিস্থাপক মূল্য শৃংখলাৰ দ্বাৰা শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। শ্রীগোৱেলে ইউৰোপৰ কৃষি আৰু খাদ্যৰ কমিছনাৰ ক্রিষ্ট’ফে হানছেনক ব্ৰাচেলছত সাক্ষাৎ কৰে। তেওঁলোকে কৃষি আৰু খাদ্য, মূল্য শৃংখলা, খাদ্য সুৰক্ষা বৃদ্ধি, কৃষকক সমর্থনৰ জৰিয়তে বহনক্ষম বিকাশ আৰু ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য চুক্তিৰ সফল সমাপ্তিৰ বাবে কৃষি সম্পৰ্কীয় অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ আগেয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে বেলজিয়ামৰ ৰাজহুৱা পৰিক্ৰমা সঞ্চালক ব্রুন লেটে আৰু পৰিচালন সঞ্চালক থমাছ কলিনেটক সাক্ষাৎ কৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে।
Assamese | July 15, 2026 12:48 PM | Piyshus gowel
স্পেইন ভ্রমণ সামৰি কালি বেলজিয়ামৰ ৰাজধানী ব্রাচেলছত উপস্থিত পীয়ুষ গোৱেল