September 6, 2026 7:04 PM

views 10

শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাবর্তন সমাৰোহত অংশ লৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ প্ৰশংসা

দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি বিয়লি খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান মহবিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য অনুপ বর্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ ...

September 6, 2026 6:51 PM

views 4

মহিলাসকলক স্বাৱলম্বী হ’ব পৰাকৈ উপযুক্ত শিক্ষা প্রদান কৰাটোৱেই প্রকৃত সৱলীকৰণ বুলি শংকৰদেৱ কলাক্ষেত্ৰত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মত প্রকাশ

মহিলাসকলক স্বাৱলম্বী হ'ব পৰাকৈ উপযুক্ত শিক্ষা প্ৰদান কৰাটোৱেই প্রকৃত সৱলীকৰণ বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে স...

September 6, 2026 12:44 PM

views 3

কৃত্রিম বুদ্ধিমত্তা, ছেমিকণ্ডাক্টৰ, মহাকাশ, প্রযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হোৱা বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ প্ৰকাশ

উপ-ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণণ দুদিনীয়া অসম ভ্রমণসূচীৰে আজি পুৱা গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত গীতানগৰ মহাবি...

September 6, 2026 12:35 PM

views 8

৯, ১০ আৰু ১১ অক্টোবৰত অসম লোকসেৱা আয়োগৰ ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষা

অসম লোকসেৱা আয়োগে ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এই অনুসৰি অহা ৯, ১০ আৰু ১১ অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.in ৰ জৰিয়তে অহা ১৮ আৰু ১৯ ছেপ্তেম্বৰত প্ৰৱেশ পত্র ডাউন লোড কৰিব পাৰিব।

September 6, 2026 12:29 PM

views 3

ৰাজ্যসভাৰ সাংসদ ড° দীনেশ শর্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি

ৰাজ্যসভাৰ বিজেপি সাংসদ ড° দীনেশ শর্মাক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ২০১৭ চনৰ ৮ অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা এডমিৰেল (অৱসৰপ্ৰাপ্ত) ডি কে যোশীৰ পাছত ড° শৰ্মাই এই পদত নিযুক্তি লাভ কৰে। ৬২ বছৰীয়া ড° শৰ্মা ইয়াৰ পূৰ্বে...

September 6, 2026 12:17 PM

views 6

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টার্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পর্যালোচনা কৰাৰ বাবে কালি ক্ষেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমখনক আমি কৃষিৰ ক্ষ...

September 6, 2026 12:05 PM

views 15

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিশেষ কাৰ্যসূচী

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালিৰে পৰা অহা ৮ ছেপ্তেম্বৰলৈ এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত কালি পাঞ্জাবাৰীৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃত ...

September 6, 2026 11:54 AM

views 8

ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা

ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। অবৈধভাৱে সুৰা উৎপাদন আৰু সৰবৰাহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰে যথেষ্ট ৰাজহ ঘাটিৰো সম্মুখীন হ'বলগীয়া হৈছে। সেয়ে চৰকাৰে ৰাজহ ঘাটি নোহোৱা কৰাৰ কাৰণে অবৈধ সুৰাৰ ক্ষেত্ৰত কঠোৰ নীত...

September 6, 2026 11:51 AM

views 7

ইতিহাস প্ৰসিদ্ধ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ

ছশ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ স্বাক্ষৰ বহন কৰা একালৰ ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰি কয়, যে ৰংপুৰ-শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্...

September 6, 2026 11:36 AM

views 4

ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাচনিৰ বাবে এতিয়াৰে পৰা জিলা আয়ুক্তৰ অনুমোদনৰ প্ৰয়োজন হব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্রকাশ

অহা বছৰৰ পৰা কৃতি শিক্ষক বাচনি প্রক্রিয়া সলনি কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে ৰাজ্যিক পৰ্যায়ৰ শিক্ষক বাচন...