দেশৰ পুৰাতন সমলসমূহৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ আৰু আকর্ষণ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রীয়ে দেশৰ পুৰাতন সমলসমূহৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ আৰু আকর্ষণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে।

ঐতিহ্য পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এয়া শুভলক্ষণ বুলি তেওঁ কয়। প্রাচীন প্রজ্ঞা আৰু আধুনিক উদ্ভাৱনৰ সমন্বয়ে অনাগত দিনত ৰাজ্যখনক প্ৰগতিৰ পথত আগবঢ়াই লৈ যাব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

ইয়াৰ আগেয়ে মুখ্যমন্ত্রীয়ে নলবাৰীৰ ২১৩ নম্বৰ দতৰা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী সমাৰোহৰ মুকলি অধিৱেশনত অংশগ্রহণ কৰে। অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত ড° শৰ্মাই ছআত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অসমীয়া জাতিক সগর্বে জীয়াই ৰাখিবলৈ হলে সমাজৰ পৰা আদর্শ শিক্ষক, খেলুৱৈ, চিকিৎসক, বিজ্ঞানীকে ধৰি বিভিন্ন ক্ষেত্রত সফল ব্যক্তি গঢ় দিব লাগিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।