November 15, 2026 7:01 PM
9
দেশৰ পুৰাতন সমলসমূহৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ আৰু আকর্ষণ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ তৃতীয় দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রীয়ে দেশৰ পুৰাতন সমলসমূহৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ আৰু আকর্ষণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। ঐতিহ্য পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এয়া শুভলক্ষণ বুলি তেওঁ কয়। প্রাচীন প্রজ্ঞা আৰু আধুনিক উদ্ভাৱনৰ সমন্বয়ে অনাগত দিনত ৰাজ্যখনক প্ৰগতিৰ পথত আগবঢ়াই লৈ যাব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্রীয়ে নলবাৰীৰ ২১৩ নম্বৰ দতৰা...