বানৰ ক্ষয়-ক্ষতি হ্রাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ অসম বান সমভূমি মণ্ডলীকৰণ বিধেয়ক ২০২৬ প্ৰৱৰ্তনৰ পৰিকল্পনা

ৰাজ্য চৰকাৰে প্ৰধান নদীসমূহৰ পাৰৰ নিৰ্মাণ কাৰ্য আৰু ভূমিৰ ব্যৱহাৰ নিয়তন্ত্ৰণ জৰিয়তে বানৰ ক্ষয়ক্ষতি হ্রাস কৰাৰ উদ্দেশ্যে অসম বান সমতল মণ্ডলীকৰণ বিধেয়ক ২০২৬ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই বিধেয়কখনৰ উদ্দেশ্য সবিশেষ প্রকাশ কৰি কয়, যে ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যত বান ব্যৱস্থাপনাৰ বাবে বৈজ্ঞানিক চিনাক্তকৰণ আৰু সুসংগঠিত দৃষ্টি ভংগী প্ৰৱৰ্তনৰ প্ৰয়াস কৰা হৈছে।

তেওঁ কয়, যে এই বিধেয়কখনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অববাহিকাৰ বৈজ্ঞানিক চিনাক্তকৰণ তথা নিৰ্ধাৰণৰ ব্যৱস্থা কৰা হ’ব আৰু বান প্ৰবন মণ্ডলসমূহ নির্ধাৰণ কৰিব। প্ৰস্তাৱিত পৰিকাঠামোৰ বান ব্যৱস্থাপনাক নৈপৰীয়া সুৰক্ষা ব্যৱস্থাৰ পৰা বিস্তৃত অৱবাহিকা পৰ্যায়ৰ পৰিকল্পনাৰ দৃষ্টিভংগীলৈ ৰূপান্তৰ কৰিব।

 মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে বিধায়কখনত বান পরণ অঞ্চলসমূহ চিনাক্ত কৰিবলৈ আৰু সেই অঞ্চলসমূহৰ উন্নয়ন নিয়ন্ত্রণ কৰিবলৈ লিডাৰ প্ৰযুক্তি আৰু উপগ্ৰহ ভিত্তিক চিনাক্তকৰণ প্ৰযুক্তি ব্যৱহাৰৰ প্ৰস্তাৱ দিয়া হৈছে। মণ্ডল নির্ধাৰণ গাঁথনি অধীনত অঞ্চলসমূহক নিষিদ্ধ, নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্রিত মণ্ডলত বিভক্ত কৰাৰ ব্যৱস্থ কৰা হৈছে।

বিধেয়কখনত নদীৰ সুঁতি আৰু সক্রিয় প্রবাহ অঞ্চলসমূহ নিষিদ্ধ, আৰু ওখ ভেঁটি তথা বান প্ৰতিৰোধী নিৰ্মাণৰ আৱশ্যক হোৱা অঞ্চলসমূহ নিয়ন্ত্রিত মণ্ডলত অন্তর্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বান প্রৱন এলেকাত বাহিৰৰ অঞ্চলসমূহত স্বাভাৱিক উন্নয়নৰ অনুমতি প্ৰাদানৰ ব্যৱস্থা কৰা হৈছে।