অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী ড° বাণীকান্ত কাকতিৰ পুণ্য তিথি উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। একেধাৰে গৱেষক, ভাষাবিদ, সমালোচক ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাতত্ব অধ্যয়নৰ দিশত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। Assamese its Formation And Development শীর্ষক গবেষণা গ্রন্থ ড° কাকতিয়ে জীৱনৰ অনন্য কীর্তি।
ইয়াৰ উপৰি পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্রেমকে ধৰি সাহিত্য আলোচনামূলক গ্রন্থ আৰু সমাজতত্ব বিষয়ক গ্রন্থৰে তেওঁ অসমীয়া সাহিত্যৰ বৌদ্ধিক দিশটো চহকী কৰি থৈ গৈছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য অসমীয়া, প্রথিতযশা গবেষক ভাষাবিদগৰাকীৰ পুন্য তিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে অসমীয়া ভাষাৰ উৎপত্তি, বিকাশ আৰু স্বকীয়তাক গভীৰ গৱেষণাৰে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাষাবিদগৰাকীৰ অমূল্য অবদান জাতিৰ বৌদ্ধিক ইতিহাসৰ গৌৰৱোজ্জ্বল অধ্যায়ৰূপে বিবেচিত হৈছে। ড° বাণীকান্ত কাকতিৰ পাণ্ডিত্য, সাধনা আৰু অমৰ সৃষ্টিৰাজী অসমীয়া জাতিৰ বাবে চিৰদিন প্ৰেৰণাৰ উৎস হৈ ৰ’ব বুলি তেওঁ মন্তব্য কৰে।