বজালী জিলাৰ বন্ধসিধনী এম ই স্কুলৰ খেলপথাৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশ লয়। তেওঁ ভগৱান বীৰছা মুণ্ডাৰ প্রতি শ্রদ্ধা নিবেদন কৰে। নিজৰ ভাষণত শ্রীসোণোৱালে কয়, যে সমগ্র দেশতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত জনজাতীয় গৌৰৱ দিবস উদযাপন কৰা হৈছে।
ডিব্ৰুগড় জিলা হো সমাজৰ জিলা সমিতিৰ উদ্যোগত টিংখঙত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কেবিনেট মন্ত্রী বিমল বৰাই বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
বিজেপিৰ তামুলপুৰ জিলা অনুসূচিত জনজাতি মৰ্চা আৰু চাহ মৰ্চাৰ উদ্যোগত জিলাখনৰ দৰংগাজুলিৰ বগাজুলিত দিনজোৰা কাৰ্যসূচীৰে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বস্তি প্রজ্বলনেৰে বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে এখন আলোচনা চক্র অনুষ্ঠিত হয়।
পশ্চিম কাৰ্বি আংলং জিলাৰ দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ঔগুৰিস্থিত গোপালকৃষ্ণ চাহ বাগিছাত আজি ভগৱান বীৰছা মুণ্ডাৰ এটা পূর্ণাংগ প্রতিমূর্তি উন্মোচন কৰা হয়। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য পৰভাত চন্দ্ৰ তাৰোয়ে এই প্রতিমূর্তিটো উন্মোচন কৰে।
বাক্সা জিলাতো বর্ণাঢ্য কাৰ্যসূচীৰে জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়।
কোকৰাঝাৰ জিলাৰ আমগুৰি তুলসীঝৰাত অনুষ্ঠিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত বিটিচি প্রধান হাগ্রামা মহিলাৰীয়ে অংশগ্রহণ কৰে।
বিজেপিৰ অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বীৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত অসম প্রদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই অংশগ্ৰহণ কৰে।
জনজাতীয় গৌৰৱ দিৱস উপলক্ষে আজি ধেমাজি স্টেডিয়ামত এখন প্রদর্শনীমূলক ফুটবল প্রতিযোগিতা অনুষ্ঠিত হয়। সাংসদ প্রদান বৰুৱাই প্ৰতিযোগিতাখন মুকলি কৰে। খেলখনৰ লগত সংগতি ৰাখি জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান আয়োজিত হয়।