কাজিৰঙাৰ ৰঙাজুলিত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত আহত ১৬ গৰাকী লোক আজিও যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনৰ অধ্যক্ষ ডা০ সৌৰভ বৰকটকীয়ে জনোৱা অনুসৰি বৰ্তমান আঘাতপ্রাপ্ত ৮ জন লোক আই চি ইউত আছে।
ইয়াৰে ৪ জনৰ অৱস্থা এতিয়াও সংকটজনক বুলি তেওঁ জানিবলৈ দিয়ে। স্বাস্থ্যৰ কিছু উন্নত হোৱাৰ বাবে দুজন লোকক আজি ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে বুলিও তেওঁ জনায়।