November 15, 2026 7:49 PM

views 5

কাজিৰঙাৰ ৰঙাজুলিত সংঘটিত পথ দুর্ঘটনাত আহত ১৬ গৰাকী লোক আজিও জে এম চি এইচত চিকিৎসাধীন

কাজিৰঙাৰ ৰঙাজুলিত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত আহত ১৬ গৰাকী লোক আজিও যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনৰ অধ্যক্ষ ডা০ সৌৰভ বৰকটকীয়ে জনোৱা অনুসৰি বৰ্তমান আঘাতপ্রাপ্ত ৮ জন লোক আই চি ইউত আছে। ইয়াৰে ৪ জনৰ অৱস্থা এতিয়াও সংকটজনক বুলি তেওঁ জানিবলৈ দিয়ে। স্বাস্থ্যৰ কিছু উন্নত হোৱাৰ বাবে দুজন লোকক আজি ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে বুলিও তেওঁ জনায়।