প্রিন্স উইলিয়াম আৰু ৱেলছৰ ৰাজকুমাৰী কেথনিলাই কাইলৈৰ পৰা ১৮ নৱেম্বৰলৈ মুম্বাই ভ্রমণ কৰিব

প্রিন্স উইলিয়াম আৰু ৱেলছৰ ৰাজকুমাৰী কেথনিলাই কাইলৈৰ পৰা ১৮ নৱেম্বৰলৈ মুম্বাই ভ্রমণ কৰিব। এই ভ্রমণ কালত তেওঁলোকে আর্টছত প্রাইচ শীর্ষ সম্মিলন আৰু বঁটা প্রদান অনুষ্ঠানকে ধৰি কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব।

প্রিন্স উইলিয়ামে আয়োজন কৰা বাৰ্ষিক আর্টছত বঁটা প্ৰদান অনুষ্ঠানটো পৰহিলৈ অৰ্থাৎ মঙলবাৰে সন্ধিয়া হোৱাৰ কথা। ২০২০ চনত প্রিন্স উইলিয়ামে প্ৰৱৰ্তন কৰা এই বঁটাৰ মূল উদ্দেশ্য হৈছে পৰিবেশজনিত প্রত্যাহ্বান বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত নতুন সমাধান উদ্ভাৱন কৰা।

এই বঁটাৰ পাঁচজন বিজয়ীৰ প্ৰত্যেককে তেওঁলোকৰ প্ৰকল্পসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ১ নিযুত পাউণ্ডকৈ প্ৰদান কৰা হয়। আনহাতে, এই ৰাজকীয় দম্পতিৰ ভ্ৰমণৰ পূৰ্বে মুম্বাইৰ যান-বাহন আৰক্ষীয়ে সুচল যাতায়াতৰ বাবে কাইলৈৰ পৰা ১৮ নৱেম্বৰ পৰ্যন্ত দক্ষিণ মুম্বাইৰ কিছু অংশত যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে যান-বাহনৰ গতি পথ সলনি আৰু পাৰ্কিঙৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞাৰ কথা ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।