June 10, 2026 3:55 PM

views 36

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ ৩ কোটি ৫০ লাখ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড০ শৰ্মাই কয় যে প্রধানমন্ত্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় ...

June 10, 2026 3:25 PM

views 37

একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ ২০১৪ চনৰ ২৬ মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্রহণ কৰিছিল। শ্রীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে ১৯৫২ চনৰ ১৩ মে’ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে'ত মৃত্যু পর্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে ৪ হাজাৰ ৩৯৮ দিন প্...

June 10, 2026 3:22 PM

views 44

প্রধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই গৌৰৱময় ক্ষণে শ্রীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক প্রতিপন্ন কৰিছে। প্রধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সু-প্রশাসন, অর্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে ...

June 10, 2026 3:12 PM

views 25

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কেন্দ্ৰীয় মন্ত্রীসভাৰ প্ৰস্তাৱ গ্ৰহণ

কেন্দ্ৰীয় মন্ত্রীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্রীমোদীক থিয় হৈ সম্ভাষণ জনায়।

June 5, 2026 5:57 PM

views 31

উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্রকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ ১০০ সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত প্রধানমন্ত্ৰী মোদীৰ সন্তুষ্টি প্ৰকাশ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাল্লিয়াৰ জয়প্রকাশ নাৰায়ণ পক্ষী অভয়াৰণ্যই দেশৰ ১০০ সংখ্যক ৰামচৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে। পক্ষী জৈৱ বৈচিত্ৰ্যৰে চহকী এই আৰ্দ্ৰভূমিয়ে বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাইক আকৰ্ষণ কৰাৰ লগতে ই হৈছে বহু চৰাইৰ বাসভূমি। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰাকৃতিক পৰিবেশ তথা আৰ্দ্ৰভূমিসমূহ সংৰক্ষণৰ দিশত থকা প্ৰতিশ্ৰুতিবদ্ধতা স্পষ্টকৈ প্ৰতিফলিত হয়। বিগত বছৰসমূহত সমুদায় অংশগ্রহণ কার্যসূচী, বিজ্ঞ...

January 19, 2026 2:32 PM

views 63

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ সলাগ লয়। শ্রী মোদীয়ে কয় যে দুৰ্যোগৰ সময়ত এন ডি আৰ এফৰ বিষয়াসকলে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে। এয়া আটাইতকৈ প্ৰশংসনীয় সেৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এন ডি আৰ ...

January 19, 2026 2:19 PM

views 60

ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীৰ উপলক্ষ্যে তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰীয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্রী মোদীয়ে কয় যে স্বাস্থ্য সেৱা, নাৰী সৱলীকৰণ আৰু সংস্কৃতিৰ দৰে খণ্ডত তেওঁৰ বৰঙণি প্ৰশংসনীয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত যোৱা মাহত প্রধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ প্ৰসংগ উত্থাপন কৰি কৈছিল...

January 17, 2026 12:55 PM

views 101

দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে সন্ধিয়া ৬ বজাত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অর্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কালি সমাপ্ত হোৱা বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাত ৰাজ্যৰ ২৩ খন...

January 13, 2026 8:57 PM

views 68

প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তামাঙৰ পত্নী শ্ৰীমতী মার্থা আলে তামাঙক উদ্দেশ্যি এখন শোক পত্ৰত প্রধানমন্ত্রীয়ে কয় যে প্রশান্ত তামাঙে মনোৰঞ্জনৰ জগতখনত নিজৰ বাবে এক সুকীয়া স্থান খোদিত কৰিছিল। তামাঙক দৃঢ়তা আৰু অপৰিসীম প্রতিভাৰ প্ৰতীক বুলি অভিহিত কৰি মোদীয়ে উল্লেখ কৰে যে তেওঁৰ জীৱন আৰু কৃতিত্বই তেওঁৰ যাত্ৰাত নিজৰ আশা প্ৰতিফলিত হোৱা অগণন ব্যক্তিক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্রশান্ত তামাঙৰ জীৱন কাহিনীয়ে ...

December 29, 2025 11:41 AM

views 74

ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ ভাৰত সমৰ্থ হৈছে

ভাৰতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় সুৰক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, বিজ্ঞান পৰীক্ষা আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ বুকুত শক্তিশালী চাপ ৰাখিবলৈ সমৰ্থ হৈছে। আকাশবাণীযোগে প্ৰচাৰিত ১২৯ সংখ্যক মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ বৰ্ষটোত আলোকপাত কৰি কয়, যে এই বছৰটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰৱ কৰিব পৰাকৈ ভালেমান স্মৃতি দি গৈছে। অপাৰেচন সিন্দূৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ ক্ষণ বুলি প্ৰধানমন্ত্ৰীয়ে মত পোষণ কৰে। তেওঁ বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনত দেশবাস...