প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ৰাজস্থানত যোধপুৰ বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টার্মিনেল ভৱনটো ৪৮০ কোটি টকা ব্যয়ৰে বছৰি ২০ লাখ যাত্রী অহা-যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।
যাত্ৰীসকলক অসুবিধাৰহিত আৰু আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত কৰি তোলা হৈছে। ভৱনটো উদ্বোধনৰ ফলত অঞ্চলটোত পৰ্য্যটন, বাণিজ্য আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
প্রধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে। দেশৰ অ-সামৰিক বিমান পৰিবহন খণ্ডৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে উৰে দেশ কা আম নাগৰিক দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব। আঁচনিখনৰ অধীনত ২৮,৮৪০ কোটি টকা আৱণ্টনেৰে দহ বছৰত বিমান পৰিবহন খণ্ড আধাৰিত বিকাশক নতুন গতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।