স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন

পৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে স্বামী বিবেকানন্দ এগৰাকী মহান দেশপ্রেমী, দার্শনিক আৰু আধ্যাত্মিক দৰ্শনেৰে পূৰ্ণ ব্যক্তি আছিল।

তেওঁ কয়, যে স্বামী বিবেকানন্দই ভাৰতৰ সভ্যতাগত চেতনাক পুনৰ জগাই তুলিছিল আৰু ভাৰতৰ শ্বাশ্বত জ্ঞানক বিশ্বৰ আগত চিনাকী কৰাই দিছিল । শ্ৰীৰাধাকৃষ্ণণে লগতে স্বামী বিবেকানন্দৰ আদৰ্শই সকলোকে সমৰ্পণৰ মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিত অটল হৈ থকাৰ প্ৰেৰণা যোগাব বুলি আশা ব্যক্ত
কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যু বার্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে ভাৰতৰ সংস্কৃতি, আধ্যাত্মিকতা আৰু ৰাষ্ট্ৰীয় চেতনাক গোলকীয় পৰ্যায়লৈ লৈ যোৱাত তেওঁৰ অৱদান অতুলনীয়। স্বামী বিবেকানন্দৰ বুদ্ধিমত্তা আৰু অনুপ্ৰেৰণাদায়ক বাৰ্তাসমূহে লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰি আহিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে বিবেকানন্দৰ আধ্যাত্মিক শিক্ষাই ৰাষ্ট্ৰক নতুন শক্তিৰ যোগান ধৰি বিকশিত ভাৰতৰ দৰ্শন প্রাপ্তিৰ দিশত দিক নির্দেশনা প্রদান কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।