ভাৰতীয়মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভঃ প্রধানমন্ত্ৰী মোদী

ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। অকলেণ্ডত এটা সমূহীয়া অনুষ্ঠানত ভাৰতীয় লোকসকলক উদ্দেশি দিয়া ভাষণত প্রধানমন্ত্রী শ্রীমোদীয়ে কয়, যে উভয় ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অতিজৰে পৰা চলি অহা বন্ধুত্ব, সার্বজনীন মূল্যবোধ, উজ্বল ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে গঢ় লৈ উঠিছে।

শ্রীমোদীয়ে লগতে কয়, যে নতুনত্বৰ লক্ষ্যৰে চলা নিউজিলেণ্ডৰ পৰম্পৰাৰ সৈতে দুয়োখন দেশৰ মাজত একেধৰণৰ সুযোগ-সুবিধা বিদ্যমান আৰু তেওঁলোকৰ অংশীদাৰিত্বক এক বিশেষ শিখৰলৈ লৈ যোৱাৰ বাবে দুয়োখন ৰাষ্ট্ৰ প্রতিশ্রুতিবদ্ধ। অকলেণ্ডৰ পৰা ৱেলিংটনলৈ তথা ক্রিষ্ট চাৰ্চৰ পৰা কুইনছ টাউনলৈ বিয়পি থকা ভাৰতীয়মূলৰ লোকসকলে দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

প্রধানমন্ত্রীয়ে অনুষ্ঠানত উপস্থিত থকাৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্ট’ফাৰ লাক্সন আৰু নিউজিলেণ্ড চৰকাৰৰ অন্যান্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকৰ উপস্থিতিয়ে উভয় ৰাষ্ট্ৰৰ মাজৰ শক্তিশালী দ্বিপাক্ষিক সমর্থনকে প্রতিফলিত কৰে বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। চাৰিটা দশকৰ পাছত এগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে নিউজিলেণ্ড ভ্রমণ কৰি ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক ১৪০ কোটি ভাৰতীয়ৰ হৈ শুভেচ্ছা জ্ঞাপন কৰা বুলিও শ্রীমোদীয়ে কয়।

শ্রীমোদীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ বর্ধিত স্থিতি সম্পর্কে তথা নিউজিলেণ্ডৰ বিকাশত ভাৰতীয় সম্প্ৰদায়ৰ উল্লেখযোগ্য বৰঙণিৰ বিষয়ে প্রশংসা কৰাৰ লগে লগে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক দৰ্শকসকলে উষ্ম সম্ভাষণ জনায়। তেওঁ ভাৰতক প্ৰধান অংশীদাৰ হিচাপে বৰ্ণনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পর্কক নতুন উচ্চতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। ভাৰতীয় সম্প্ৰদায়ৰ ১০ হাজাৰতকৈ অধিক সদস্যই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।