ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোনেছিয়াৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাকালত তেওঁ বৈদেশিক সম্পর্ক পর্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক গতি প্ৰদান কৰা বিষয়তো আলোকপাত কৰে। দুয়ো দেশৰ নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজিৰ চুক্তিৰ আদান-প্ৰদানৰো সাক্ষী হৈ ৰয়।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ২০১৮ চনত স্থাপন হোৱা ভাৰত আৰু ইন্দোনেছিয়াৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই অগ্ৰগতিৰ এটা নতুন পৰ্যায়ত উপনীত হৈছে। জাকাৰ্টাত ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাব’ৱ’ ছুবিয়াণ্টোৰ সৈতে দিয়া যুটীয়া প্ৰেছ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, যে পাৰস্পৰিক বিশ্বাসে প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্রিক খণ্ডৰ সহযোগিতা শক্তিশালী কৰি তুলিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ প্ৰতিৰক্ষা কৌশল আদান-প্রদান, দুর্যোগ ব্যৱস্থাপনা সহযোগিতা আৰু ঔদ্যোগিক সহযোগিতা শক্তিশালী হৈ পৰিছে।

শ্রী মোদীয়ে লগতে কয়, যে এই অংশীদাৰিত্বই উন্নয়ন, নিৰাপত্তা, প্রযুক্তি, সংস্কৃতি আৰু শিক্ষাখণ্ডকো সামৰি লৈছে। ভৱিষ্যতৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আস্থা ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয়, যে ভাৰত-ইন্দোনেছিয়া অংশীদাৰিত্বৰ সোণালী অধ্যায় আজিৰেপৰা নতুনকৈ আৰম্ভ হ’ব।

ইন্দোনেছিয়ালৈ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঐতিহাসিক ভ্ৰমণৰ শতবৰ্ষ পূর্তি অনুষ্ঠান দুয়োখন দেশে জাক-জমকতাৰে আয়োজন কৰিব বুলি প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰে। ইন্দোনেছিয়াৰ প্ৰথমগৰাকী শিক্ষামন্ত্রী কি হাজৰ দেৱানতাৰাৰ অৱদান সন্দৰ্ভত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, যে তেওঁৰ শৈক্ষিক দৰ্শন গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আদৰ্শৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। বৰ্তমানৰ গোলকীয় অনিশ্চয়তাৰ এই পৰ্যায়ত আলোচনা আৰু কূটনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ভাৰতে বিশ্বাস কৰে। পেলেস্তাইনৰ প্ৰসংগ উত্থাপন কৰি শ্ৰী মোদীয়ে দুয়োখন দেশৰ সমস্যা সমাধান আৰু দীৰ্ঘম্যাদি শান্তি প্ৰক্ৰিয়াত ভাৰতৰ সমৰ্থনৰ কথা ব্যক্ত কৰে।

ইন্দোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান বিনটাং আদিপূর্ণা অব্ দা ৰিপাব্লিক অব্ ইন্দোনেছিয়া লাভ কৰি প্ৰধানমন্ত্রী মোদীয়ে কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ এই সন্মান ভাৰতীয় জনসাধাৰণলৈ উচৰ্গা কৰাৰ লগতে এয়া ভাৰত আৰু ইন্দোনেছিয়াৰ মাজৰ ঐতিহাসিক সম্পর্কক প্রতিফলিত কৰিছে বুলি অভিহিত কৰে। এই সন্মানৰ বাবে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি প্রাব’ৱ’ ছুবিয়াণ্টো আৰু ইণ্ডোনেছিয়াৰ চৰকাৰ তথা ইয়াৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে দেশখনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰস্বনন মন্দিৰ কাইলৈ দৰ্শন কৰিব। নৱম শতিকাৰ হিন্দু স্থাপত্য শৈলীৰে নিৰ্মিত এই মন্দিৰ ইন্দোনেছিয়াৰ সাংস্কৃতিক সমলৰ অন্যতম হিচাপে গণ্য কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।