প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত দেওবাৰে ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে নতুন দিল্লীত আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে।

তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন, ব্যৱসায়িক প্ৰস্তাৱ আৰু গোলকীয় স্বাৰ্থৰ সৈতে জড়িত উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব।

শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, শিক্ষা বিভাগে এহেজাৰ প্ৰস্তাৱৰ ভিতৰত ১২০টা ষ্টার্টআপক এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত কৰে। শ্ৰীপ্রধানে কয়, যে ১৩ টা খণ্ডক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া এই ষ্টার্টআপসমূহ ভাৰতৰ ২০ খন শীৰ্ষ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে।

শিক্ষামন্ত্ৰীগৰাকীয়ে ফ্ৰান্সত হ’বলগীয়া এই ধবজাবাহী অনুষ্ঠানৰ পূৰ্বে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা অধ্যাপক অজয় সুদ আৰু শিক্ষা মন্ত্ৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত ভাৰত উদ্ভাৱনৰ বাবে গুৰুত্বপূৰ্ণ তথ্যপাতি সদৰি কৰে।