July 22, 2026 11:19 AM

views 24

বিৰোধী পক্ষই সংসদৰ বর্ষাকালীন অধিবেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষার্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ অভিযোগ উত্থাপন

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে লোকসভাত বিৰোধী পক্ষৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে সংসদৰ বর্ষাকালীন অধিবেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষার্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্রী প্রধানে কালি সামাজিক মাধ্যম যোগে কয়, যে শ্রী গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে আৰু সুৰক্ষাৰ নিয়মৰ প্ৰতি অৱহেলা কৰিছে। তেওঁ কয়, যে চৰকাৰ নীটৰ বিষয়লৈ সংসদত বিস্তৃতভাৱে আলোচনা কৰিবলৈ সাজু যদ...

June 12, 2026 8:36 PM

views 34

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত দেওবাৰে ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে নতুন দিল্লীত আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন, ব্যৱসায়িক প্ৰস্তাৱ আৰু গোলকীয় স্বাৰ্থৰ সৈতে জড়িত উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, শিক্ষা বিভাগে এহেজাৰ প্ৰস্তাৱৰ ভিতৰত ১২০টা ষ্টার্টআপক এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত কৰে। শ্ৰীপ্রধানে...

June 9, 2026 8:02 PM

views 26

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আৰু অহা ২১ জুনত পুনৰ হ'বলগীয়া চিকিৎ‍সা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা, নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ গোপনীয়তা বৰ্তাই ৰাখি প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা সকলো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পৰীক্ষণ সামগ্...

January 10, 2026 12:28 PM

views 57

তৃতীয় পৰ্যায়ৰ সমগ্ৰ শিক্ষাৰ অংশীদাৰসকলৰে শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ পৰামৰ্শ বৈঠক

দেশৰ প্ৰতিটো শিশুৱে গুণগত শিক্ষাৰ সুবিধা লাভ কৰিলেহে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰতলৈ ৰূপান্তৰ কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শন উপলব্ধি কৰিব পৰা যাব। নতুন দিল্লীত কালি তৃতীয় পৰ্যায়ৰ সমগ্ৰ শিক্ষাৰ অংশীদাৰসকলৰ সৈতে এখন পৰামৰ্শ বৈঠকত অংশ লৈ কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এনেদৰে প্ৰকাশ কৰে। দ্বাদশ শ্ৰেণীলৈকে ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ গুৰুত্বত আলোকপাত কৰি শ্ৰীপ্রধানে আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰা, শিক্ষণ পদ্ধতি উন্নীতকৰণ তথা শিক্ষকসকলৰ সামৰ্থ বৃদ্ধ...

January 6, 2026 12:14 PM

views 55

কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়া ভাষাৰ উৎকৰ্ষতা কেন্দ্ৰই যুগুত কৰা ৪১ খন গ্রন্থ উন্মোচন ধর্মেন্দ্র প্রধানৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত কানাড়া, তেলেগু, মালয়ালম আৰু ওড়িয়া ভাষাৰ উৎকৰ্ষতা কেন্দ্ৰই যুগুত কৰা ৪১ খন গ্রন্থ উন্মোচন কৰিব। ভাৰতীয় ভাষাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ অধীনত এই গ্রন্থসমূহ সংকলন কৰা হৈছে। এই অনুষ্ঠানত তামিল ভাষাৰ কেন্দ্ৰীয় প্রতিষ্ঠান, তিৰুকুৰালৰ ৪৫টা খণ্ডৰ সাংকেতিক ভাষাৰ লগতে ১৩খন গ্রন্থ মুকলি কৰা হ'ব। সামাজিক মাধ্যমৰ এটা পোষ্টত শিক্ষা মন্ত্ৰ্যালয়ে কয়, যে এই পদক্ষেপে ধ্রুপদী ভাষা অধ্যয়নক শক্তিশালী কৰাৰ লগতে ভাৰতৰ সাহিত্যিক ঐতিহ্য সংৰক্ষণৰ ওপৰতো বিশেষ ভূমিকা...

August 19, 2025 8:14 PM

views 44

গুৱাহাটীত আই আই এম স্থাপনৰ বাবে লোকসভাত বিধেয়ক গৃহীত

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত উত্থাপন কৰা ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান সংশোধনী বিধেয়ক ২০২৫ আজি লোকসভাত গৃহীত হয়। ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান অর্থাৎ আই আই এম গুৱাহাটীক ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সূচীত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হৈছে । আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে, কেন্দ্ৰীয় মন্ত্রীসভাই গুৱাহাটীত আই আই এম স্থাপনৰ বাবে যোৱা ১২ আগষ্টত অনুমোদন জনায়। এই প্রতিষ্ঠান উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচা...

June 19, 2025 8:29 PM

views 198

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিবঃ কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধান

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধানে উল্লেখ কৰিছে। আজমেৰৰ সমীপত আজি ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠিত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত দুটা দশকত ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ নাগৰিকসকলৰ সমূহীয়া সংকল্প আৰু এই সংকল্প পূৰণ কৰা হ'ব। যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিষ্ঠাই এই সংকল্প পূৰণত সহা...

June 10, 2025 7:56 PM

views 85

বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানৰ আহ্বান

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে বিজ্ঞানী, উদ্ভাৱক আৰু নীতি নির্মাতাসকলে একেলগ হৈ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত এটা পৰিস্থিতিতন্ত্ৰ গঠনৰ বাবে এয়াই হৈছে উপযুক্ত সময়। হায়দাবাদত যুৱ বিজ্ঞানীসকলৰ আন্তঃৰাষ্ট্ৰীয় সমাৰোহ তথা গ্ল'বেল ইয়ং একাডেমীৰ বাৰ্ষিক সাধাৰণ বৈঠকত অংশ লৈ শ্ৰী প্ৰধানে বিজ্ঞানীসকলক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। ভাৰতীয় সভ্যতাৰ পৰম্পৰাত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে বসুধৈৱ কুটুম্বকম-এখন পৃথিৱী এটা পৰিয়াল আৰু এটা ভৱিষ্যৎ কেৱল...

March 16, 2025 7:54 PM

views 56

পাটনাৰ দানাপুৰ অঞ্চলৰ মেধাৱী কন্যা খুছবু কুমাৰীক কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ আর্থিক সহায়

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাৰ দানাপুৰ অঞ্চলৰ এগৰাকী মেধাৱী দৰিদ্ৰ কন্যা খুছবু কুমাৰীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন বাস্তৱায়িত কৰিবলৈ পিতৃ অপাৰগ হোৱা বিষয়টো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ হোৱাত এই পদক্ষেপ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যা শিক্ষা প্ৰসাৰৰ বাবে অধিক যত্নপৰ। এনে ক্ষেত্ৰত তেওঁলোকক নিৰুৎসাহিত কৰা উচিত নহয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পাটনাৰ জিলা দণ্ডাধীশক ছাত্ৰীগৰাকীক আর্থি...

February 21, 2025 6:11 PM

views 56

শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ তামিলনাডুৰ মুখ্যমন্ত্রীক আহ্বান শিক্ষামন্ত্রীৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে তামিল ভাষা আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰ বদ্ধপৰিকৰ। তামিলনাডুৰ মুখ্যমন্ত্রী এম কে স্টেলিনলৈ লিখা এখন পত্ৰত শ্ৰী প্ৰধানে শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থতে ৰাজনৈতিক ভাবাদর্শ উর্ধত থাকিবলৈ আহ্বান জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কোনো ভাষা জাপি দিয়াৰ পোষকতা নকৰে বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে বিজেপি শাসনত নথকা ভালেমান ৰাজ্যত ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়...