কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে লোকসভাত বিৰোধী পক্ষৰ নেতা কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে সংসদৰ বর্ষাকালীন অধিবেশন বিঘ্নিত কৰাৰ উদ্দেশ্যে শিক্ষার্থীসকলক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
শ্রী প্রধানে কালি সামাজিক মাধ্যম যোগে কয়, যে শ্রী গান্ধী আৰু কংগ্ৰেছৰ অন্য নেতাসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি জনসাধাৰণৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে আৰু সুৰক্ষাৰ নিয়মৰ প্ৰতি অৱহেলা কৰিছে।
তেওঁ কয়, যে চৰকাৰ নীটৰ বিষয়লৈ সংসদত বিস্তৃতভাৱে আলোচনা কৰিবলৈ সাজু যদিও কংগ্ৰেছে গণতান্ত্রিক আলোচনাৰ পৰিৱৰ্তে উদ্দেশ্য প্রণোদিতভাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। শিক্ষার্থীৰ বাবে সমাধান বিচৰাটো দলটোৰ লক্ষ্য নহয় বুলি তেওঁ অভিযোগ তোলে।
মন্ত্ৰীগৰাকীয়ে কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰ নীট বিষয়লৈ আলোচনা কৰিবলৈ আৰু সদনত যুৱ প্ৰজন্মৰ প্ৰকৃত উদ্বেগ দূৰ কৰিবলৈ বদ্ধপৰিকৰ।